জি.এল. চি. কলেজৰ আৰ্জু চুলতানা
Sunday, December 4, 2011
"সোণোৱালী সপোন" - * - তুমিও বাস কৰা নেকি ব্যর্থতাৰ মহানগৰীখনত য'ত প্ৰেমৰ নামত বলি দিয়া হয় প্ৰতি দিনে সুখৰ ভ্ৰুণ য'ত প্ৰেমিক -প্ৰেমিকা সকলে শপতনামা পাঠ কৰে আত্মহত্যা কৰাৰ বাবে তুমি এইখন মহানগৰীত বাস কৰা নেকি তৈয়াৰ হয় য'ত সপোন ভঙাৰ ব্লু-প্ৰিন্ট ।*
বেদনাৰ ঠিকনা মোৰ স'তে তুমি নকৰিবা বন্ধুত্ব মনৰ কথা কেতিয়াও নকবা খুলি কাৰণ ভাৰাক্ৰান্ত হৈ পৰিব পাৰে তোমাৰ মন (কিয়নো তোমাৰ বিষয়ে মই শুনিলে,মোৰ বিষয়েও তুমি শুনিব বিচাৰিবা) কেতিয়াবা যদি মোক দেখা পোৱা ক'ৰবাত আতৰি যাবা নেদেখাৰ ভাওঁ কৰি এতিয়া মোৰ চকুলৈ নাচাবা এতিয়া লেখা থাকে বেদনাৰ ঠিকনা মোৰ দুচকুত।*
Newer Posts
Home
Subscribe to:
Comments (Atom)